নিউজ ডেস্কঃ দেশৰ আগশাৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাতৃ তথা বিহুগীতৰ সম্ৰাট প্ৰয়াত খগেন মহন্তৰ পত্নী কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই । শাৰীৰিক অসুস্থতাৰ হেতুকে দীৰ্ঘদিন ধৰি মহানগৰীৰৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ থকা অৰ্চনা মহন্তৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। স্বামী খগেন মহন্তৰ সৈতে বিভিন্ন গীতত দ্বৈতভাৱে কণ্ঠদান কৰি অসমীয়া লোক সংগীতৰ ভেটি সমৃদ্ধ কৰা অৰ্চনা মহন্তই ১৯৬৫ চনত খগেন মহন্তৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । ২০১৪ চনত স্বামী খগেন মহন্তৰ বিয়োগৰ পাছতে অসুস্থ হৈ পৰিছিল অৰ্চনা মহন্ত । আৰু অৱশেষত দীৰ্ঘদিন ধৰি গুৰুতৰ ভাৱে অসুস্থ হৈ থকাৰ অন্তত আজি চিকিৎসাধীন অৱস্থাতে আজি শিল্পীগৰাকীয়ে সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় মাগে ।
উল্লেখ্য যে, খগেন মহন্ত আৰু অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটী আছিল। বহু কালজয়ী গীতত কন্ঠদান কৰা বহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তই এসময়ত অসমীয়া লোক সংগীতৰ ভেটি সমৃদ্ধ কৰিছে।
১৯৬৫ চনত অৰ্চনা মহন্ত বিবাহপাশত আৱদ্ধ হৈছিল খগেন মহন্তৰ সৈতে। তেওঁৰ পুত্ৰ অংগৰাগ মহন্তও দেশৰে এজন প্ৰতিষ্ঠিত গায়ক। অৰ্চনা মহন্ত আৰু খগেন মহন্তই দ্বৈতভাৱে গোৱা চিৰসেউজ গীতবোৰ আজিও জনপ্ৰিয় হৈ আছে। খগেন মহন্ত আৰু অৰ্চনা মহন্ত আছিল শিল্পী সত্ত্বাৰে মহিয়ান এক অনন্য যুটী। ২০১৪ চনত বিহু গীতৰ সম্ৰাট তথা অৰ্চনা মহন্তৰ স্বামী খগেন মহন্তৰ মৃত্যু হৈছিল।