হেডলাইন ৮ বিশেষ ৰিপৰ্ট: আগন্তক ২০২১ ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ইতিমধ্যেই নিৰ্বাচনকলৈ আৰম্ভ হৈছে বিভিন্ন জল্পনা কল্পনাৰ। অসমত উৎখাট হ’ব এইবাৰ বি জে পি চৰকাৰ। দিছপুৰৰ দখলত থকা বি জে পি ক এইবাৰ নিৰ্বাচনত ওফৰাই দিবলৈ সক্ষম হ’ব কংগ্ৰেছ। কেৱল সিমানেই নহয় প্ৰতিটো সমষ্টিত ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। বুধবাৰে এক সংবাদমেলত এনেদৰেই সদম্ভে ক’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰকীয়ে বি জে পি চৰকাৰৰ ওপৰত অভিযোগ আনিছে যে বি জে পি ৰ দিনত পুনৰ অসমত হৈছে মুক্তহত্যা। দেৱাশীষ গগৈ,সনাতন ডেকা,ঋতুপৰ্ণ পেগুৰ দৰে এনে নৃশংস হত্যাই তাৰেই সাক্ষ্য দাঙি ধৰিছে। বি জে পি চৰকাৰখনৰ দিনত এটাৰ পিছত আন এটা হত্যাকাণ্ডই আইন শৃংখলাৰো যথেষ্ট অৱনতি ঘটোৱা বুলি প্ৰমাণিত কৰিছে যে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মোডী ৰ জি এছ টি য়ে দেশৰ অৰ্থনীতি স্থৱিৰ কৰি পেলালে। সম্প্ৰতি দেশৰ আৰ্থিক অৱস্থা তেনেই শোচনীয়।খাটি খোৱা লোকৰ বাবে দৰিদ্ৰ জনতাৰ পক্ষত কাম কৰিম বুলি পণ লোৱা বি জে পিয়ে সেই শ্লোগান কিয় পূৰণ কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰিছে তৰুণ গগৈয়ে ।কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাব জানে বি জে পি য়ে সেয়ে অসমৰ ৰাইজে এইবাৰ ২০২১ চনৰ নিৰ্বাচনত তাৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে তৰুণ গগৈয়ে।