ৰাষ্ট্রীয় গ্ৰামীণ বিকাশ নিধি চমুকৈ RGVN আৰু ITCMSKই যৌথভাবে গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ লোক সকলে যাতে জীৱিকা নিৰ্বাহৰ বিকল্প পথ সমূহ বিচাৰি উলিয়াই আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰে তাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (ASLRM) সহযোগত সজাগতা অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
এই কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এখন সজাগতা সভা অনুষ্ঠিত হয়। RGVNৰ প্ৰকল্প সমন্বয়কদ্বয় আৰকন্যা বৰাৰ আদৰণি ভাষণ আৰু নবাব আহমেদৰ উদ্দেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱা সভাত কামৰূপ জিলাৰ ৰামপুৰ আৰু ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ ৭খনকৈ গাঁও পঞ্চায়তৰ সভাপতি, সচিব, আত্মসহায়ক গোটকে ধৰি অন্যান্য অংশীদাৰী সকলে ভাগ লয়।
সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্র, কামৰূপৰ মুখ্য বিজ্ঞানী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই ভাষণ প্ৰসংগত অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা থলুৱা সম্পদ সমূহৰ বিজ্ঞান সন্মতভাৱে বিকশিত কৰি তাক বাণিজ্যিকৰণৰে জীৱিকা নিৰ্বাহৰ পথ উলিয়াব পাৰি বুলি তথ্য সহকাৰে দাঙি ধৰে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ অৰুণ শৰ্মাই ছাগলী, গাহৰি, হাঁহ, কুকুৰাকে ধৰি পশুপালনৰ জৰিয়তে কম সময়, কম মূলধন, কম ঠাইত কি দৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বিশদ বিৱৰণ দাঙি ধৰে।
সভাত ITC লিমিটেডৰ প্ৰকল্প প্ৰবন্ধক অতনু চেটাৰ্জী, ASLRMৰ কামৰূপ জিলাৰ প্ৰকল্প প্ৰবন্ধক ডি নন্দনে ভাগ লৈ পশুপালন, কৃষিপালনৰ জৰিয়তে মহিলাকে ধৰি গ্ৰামাঞ্চলৰ লোকৰ জীৱিকা নিৰ্বাহৰ থলীসমূহ উত্তৰণৰ হকে কাম কৰি অহা বুলি সদৰি কৰে।