গুৱাহাটীঃ গুৱাহাটী মহানগৰীত দিনে-দিনে বৃদ্ধি পোৱা ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা দলৰ ৰাজ্যিক কাৰ্যালয় আজিৰে পৰা আগন্তুক ৬ দিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্দৰ্ভত প্ৰকাশ পোৱা জাননীখনত স্বাক্ষৰ কৰিছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে৷
উল্লেখ্য, মহানগৰীৰ ১১টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউনৰ কথা ঘোষণা কৰা হৈছে৷