নিউজ ডেস্কঃ আজি অভিশপ্ত ৩০ অক্টোবৰ৷ ১২ বছৰ পূৰ্বে ২০০৮ চনৰ আজিৰ দিনটোতে উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে সংঘটিত কৰা ধাৰাবাহিক বিস্ফোৰণত ৮১জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০জন লোক আহত হৈছিল৷
মহানগৰৰ গণেশগুৰি, কাছাৰী,পাণবজাৰত ক’লা ধোঁৱাৰ মাজত পৰি ৰৈছিল মৃতদেহ,তেজৰ চেকুৰা৷ গণেশগুৰিৰ লগতে বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে বিভিন্ন সংগঠনে৷
উল্লেখযোগ্য যে, বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে আজিও দুৰ্বিসহ দিন কটাইছে৷ ৰাজ্যবাসীয়ে সোঁৱৰিছে ৰক্তাক্ত দিনৰ দুঃসহ স্মৃতি৷