পহিলা বৰ্ষৰ ৩ জানুৱাৰী, বুধবাৰে দিছপুৰৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব “প্ৰথম বাৰ্ষিক দেবজিৎ গগৈ সোঁৱৰণি প্ৰাইজমানি শৰীৰ চৰ্চা প্ৰতিযোগিতা ২০২৩”। উক্ত খেলখন অসম বডি বিল্ডাৰ্ছ আৰু ফিটনেছ সংস্থাৰ সৌজন্যত অনুষ্ঠিত হ’ব। খেলখনৰ আয়োজক হৈছে “ফিটনেচ ৱৰ্ল্ড শৰীৰ চৰ্চা কেন্দ্ৰ”। উক্ত খেলৰ প্ৰথম ১০ জনক বঁটাৰ লগতে নগদ ধনৰে পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিছে আয়োজক সংস্থাৰ সম্পাদক অঞ্জন বুজৰবৰুৱাই। ইচ্ছুক প্ৰতিযোগীক এই সন্দৰ্ভত অধিক জানিবলৈ ফিটনেচ ৱৰ্ল্ড জীম বা ৮১৩৫৮-৭৬৯৬৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজকে প্ৰতিযোগিতাখন উক্ত দিনা সন্ধিয়া ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতাৰ মুখ্য অতিথি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ হালৈ, ৰাজ্যিক তথ্য আয়োগৰ কনক শৰ্মা আৰু বিশিষ্ট অতিথি অৰ্জুন নয়নমণি শইকীয়া। ইতিমধ্যে অমৰ জে কাকতিক সভাপতি, তুলেশ্বৰ বসুমতাৰী, পল্লবী পাটৰ গগৈ, প্ৰদীপ শৰ্মাক উপ সভাপতি, অঞ্জন বুজৰবৰুৱাক সম্পাদক, বিশ্বজিৎ গগৈ, দীপ অম্লান কলিতা, নৱজিৎ দাস আৰু কুমুদ বড়োক যুটীয়া সম্পাদক হিচাপে লৈ এখন আয়োজক কমিটি গঠন কৰা হৈছে।