গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এইবাৰ শুক্লেশ্বৰ দেৱালয়ত অনুষ্ঠিত নহয় ব’লবোম৷ আজি পাণবজাৰস্থিত শুক্রেশ্বৰ দেৱালয়ৰ প্রাংগণত অনুষ্ঠিত এক সংবাদমেলত মন্দিৰ পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি সুৰেশ চন্দ্র ভট্টাচার্যই এই কথা সদৰী কৰে৷ তেওঁ লগতে কয় যে ব’লবোমৰ সময়ত শুক্রেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনার্দন দেৱালয় আৰু বাণেশ্বৰ দেৱালয়ত যথেষ্ট ভক্তৰ ভিৰ পৰিলক্ষিত হয়৷
সেইবাবে আটাইকেইখন দেৱালয় সমিতিৰ আলোচনা মর্মে এইবাৰ ব’লবোমৰ সকলো কার্যসূচী বাতিল কৰা হৈছে৷ শাওণৰ প্রতিটো ৰবিবাৰত নিশা বশিষ্ঠ দেৱালয়ৰ বশিষ্ঠ গংগাৰ জল আহৰণ কৰি প্রতি সোমবাৰে কাহিলিপুৱাতে শুক্রেশ্বৰ শিৱ লিংগত অর্পণ কৰাৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়৷ সেয়ে এনে ক্ষেত্রত ক’ৰোনা প্রতিৰোধ কৰিবৰ বাবে চৰকাৰে ব’লৱৎ কৰা নিয়মাৱলীসমূহ মানি চলাটো সম্ভৱ নহ’ব৷ যাৰ ফলত গণ সংক্রমণ হোৱাৰ আশংকা অধিক৷
সেয়ে এনেবোৰ দিশ চালি জাৰি চাই দেৱলায় কর্তৃপক্ষই ব’লবোমৰ সকলো কার্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সংবাদমেলত সম্পাদক ভূপেশ শর্মা, বানেশ্বৰ দেৱালয় কর্তৃপক্ষৰ সম্পাদক প্রণৱ গোস্বামী, বশিষ্ঠাশ্রম দেৱালয়ৰ সম্পাদক অমিয় শর্মা, জনার্দন দেৱালয়ৰ কুমুদ শর্মা উপস্থিত থাকে৷