গুৱাহাটী প্ৰেছ ক্লাৱত সপ্ত-সিন্ধু প্ৰকাশনৰ প্ৰকাশক ৰশ্মিৰেখা কাশ্যপ ডাঙৰীয়ানী নেতৃত্বত ৰবিবাৰে এদিনীয়া কাৰ্য্যসূচীৰে এক অনুষ্ঠান অনুস্থিত কৰা হয়। উক্ত অনুষ্ঠানটোৰ বিশেষকৈ চীনু গগৈ দোলাকাষৰীয়াদেৱৰ ‘আই মই নৈ নে বতাহ হৈ বওঁ’ গ্ৰন্থখনত উন্মোচন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। উক্ত গ্ৰন্থখন অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° জগদীশ পাটগিৰী ডাঙৰীয়াই উন্মোচন কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নৰেন হাজৰিকা মুখ্য সম্পাদক দৈনন্দিন বাৰ্তা, কবিৰ আহমেদ মুখ্য সম্পাদক দৈনিক গান অধিকাৰ, ড° নঞ্জু দত্ত শিক্ষাবিদ সাহিত্যিক আৰু সমাজসেৱী, দ্ৰবিতা চৌধুৰী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিশু আৰু মহিলা অনুষ্ঠান পৰিচালক, ড° সীমা বৰা স্বত্বাধিকাৰ আসাম পোষ্ট, ড° মাইনু দেৱী, পযোজক ও পৰিচালক ইকো ভেলি চিনে প্ৰডাকচন, জ্যোতিষ বৰ্মন অষিল ভাৰতীয় সাহিত্য পৰিষদ অসম যুটীয়া সচিব আৰু লগতে উপস্থিত থাকে ড° অলকানন্দা কাকতি সাহিত্যিক সম্পাদক বিশ্ব জ্যোতি মুখপাত্ৰ এক শৰন ভাগৱতী সমাজ আৰু আইনজীৱী। উক্ত অনুষ্ঠানটোৰ আঁট ধৰে আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই। অনুষ্ঠানটোত সাহিত্য চৰ্চাকে ধৰি বিভিন্ন জনে মত প্ৰকাশ কৰে। উক্ত সভাত চেৰাজ হুছেইনক “বিশিষ্ট সমাজ সেৱক -২০২৪’ বঁটা প্ৰদান কৰা হয় ৷