গুৱাহাটীৰ চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে তুলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শুকুৰবাৰে ডাঃ ৱালিউল ইছলামক পল্টনবজাৰ আৰক্ষীয়ে আটক কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বনকৰা এগৰাকী মহিলাক। মনোৰোগ বিশেষজ্ঞ তথা ডাঃ ৱালিউল ইছলামৰ অভিযুক্ত পত্নী ডাঃ সংগীতা দত্তই সম্প্রতি পলায়ন কৰিছে। ডাঃ ৱালিউল আৰু লক্ষ্মী নাথৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু কৰা হৈছে। বিয়লি দুয়ো হাজিৰ কৰোৱা হ’ব আদালতত। আৰক্ষীৰে সন্মুখীন হোৱাৰ ভয়ত পলায়ন কৰাৰ সন্দেহ কৰা হৈছে চিকিৎসক ডাঃ সংগীতা দত্তক।
অভিযোগ অনুসৰি চিকিৎসক দম্পত্তি হালে ৫ বছৰীয়া তুলনীয়া কন্যাক ঘৰৰ ছাদত প্ৰখৰ ৰ’দত বান্ধি চলাই আহিছিল নিৰ্যাতন। ইয়াৰোপৰি কন্যা শিশুটিৰ দেহত আছে আঘাতৰ কোব। কালিৰ দিনটোত শিশুটিক নিৰ্যাতন চলোৱাৰ সময়তে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটি উদ্ধাৰৰ কৰি চাইল্ড লাইনৰ হাতত গটাই দিয়ে।