বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF এ ৫ মাৰ্চত বৰঝাৰত বাহিনীটোৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস’ পালন কৰে।
দিৱসৰ লগত সংগতি ৰাখি বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত বিষয়া – জোৱানসকলে যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা চাইবাৰ চিকিউৰিটিৰ সজাগতা, স্বচ্ছতা অভিযান, সুৰক্ষা অভিযানমূলক চিনেমা প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান, বাটৰ নাট, কুইজ প্ৰতিযোগিতা, বৃক্ষৰোপণ, চেনিটাইজেছনকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
আনহাতে ৫ মাৰ্চত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লৈ বৰঝাৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই চমু ভাষণত বিমানকোঠত CISFৰ উত্তৰণ আৰু সহযোগিতাৰ শলাগ লয়। অনুষ্ঠানত ভাগ লৈ CISFৰ কমাণ্ডেট লালমোহন ঠাকুৰে ভাষণত দেশত ২০০০ চনৰ পৰা বিমানকোঠৰ মজবুত সুৰক্ষাৰ আঁৰত CISFৰ জোৱানসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়।