• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধাৰাপুৰ চাৰিআলিলৈ সম্প্ৰসাৰণ হ’ল চিটিবাছ সেৱা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2022
in গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
ধাৰাপুৰ চাৰিআলিলৈ সম্প্ৰসাৰণ হ’ল চিটিবাছ সেৱা
Share on FacebookShare on Twitter

সুদীৰ্ঘ বছৰ ধৰি মহানগৰীৰ পশ্চিম প্ৰান্তৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত চিটিবাছ সেৱাৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু মঙলবাৰৰ পৰা চিটিবাছ সেৱা ধাৰাপুৰ চাৰিআলি চ’কলৈ সম্প্ৰসাৰণ হোৱাত বিশেষকৈ মহানগৰীৰ পশ্চিম প্ৰান্তৰ জনসাধাৰণ স্বাভাৱিকতে আনন্দিত হৈ পৰিছে।

উল্লেখনীয় যে পূৰ্বতে একাংশ চিটিবাছ মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা লংকেশ্বৰলৈ চলাচল কৰি আছিল যদিও মহানগৰীৰ পশ্চিম প্ৰান্তৰ ছাত্র-ছাত্রীকে ধৰি সৰ্বসাধাৰণ নাগৰিকে মহানগৰীৰ ভিন্নস্থানলৈ যাবলগীয়া হ’লে ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। মহানগৰীৰ পশ্চিম অঞ্চলৰ জনসাধাৰণে প্ৰথমে মেজিক জাতীয় লঘু বাহনেৰে জালুকবাৰী কিম্বা আদাবাৰীলৈ গৈ তাৰপৰা পুনৰ চিটিবাছেৰে গন্তব্যস্থানলৈ যাত্ৰা কৰে। যাত্ৰী সকলে এনেধৰণে যাতায়ত কৰাৰ ফলত অধিক ভাড়া আদায় দি অহাৰ লগতে যথেষ্ট মূল্যবান সময় অপব্যয় কৰি আহিছিল। কিন্তু শেহতীয়া ভাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত তথা মেট্ৰ’ ট্ৰেন্সপোৰ্ট এছোচিয়েচন, গুৱাহাটীৰ সহযোগত গুৱাহাটী মহানগৰীৰ ভিন্ন পথত চলাচল কৰি থকা চিটিবাছ সমূহৰ চলাচল ধাৰাপুৰ চাৰিআলিলৈ মঙলবাৰৰ পৰা আনুষ্ঠানিক ভাৱে সম্প্ৰসাৰণ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব তথা জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলাম, কামৰূপ মহানগৰ জিলাৰ পশ্চিম মণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত (যানবাহন) ডঃ অনুপজ্যোতি বৰা আৰু কামৰূপ মহানগৰ জিলাৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ নিতুল চেতিয়াৰ উপস্থিতিত আজি ধাৰাপুৰ চাৰিআলিৰ বাছ আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলামে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে মহানগৰীৰ চন্দ্ৰপুৰৰ পৰা চলাচল কৰি থকা ৩৫ নং চিটিবাছ সেৱা, বশিষ্ঠ মন্দিৰৰ পৰা এ টি ৰোড হৈ চলাচল কৰি থকা ৩৬ নং চিটিবাছ সেৱা, বশিষ্ঠ মন্দিৰৰ পৰা চিৰিয়াখানা হৈ চলাচল কৰি থকা ৩৭ নং চিটিবাছ সেৱা , নাৰেংগিৰ পৰা উজানবজাৰ হৈ চলাচল কৰি থকা ৩৮ নং চিটিবাছ সেৱা, পাঞ্জাবাৰীৰ পৰা চিৰিয়াখানা হৈ চলাচল কৰি থকা ৩৯ নং চিটিবাছ সেৱা আৰু বোন্ধা কলনীৰ পৰা গেট হস্পিতাল হৈ চলাচল কৰি থকা ৪৬ নং চিটিবাছ সেৱা ধাৰাপুৰ চাৰিআলিলৈ চলাচল কৰে।

চিটিবাছ সেৱা মুকলি অনুষ্ঠানত মেট্ৰ’ ট্ৰেন্সপোৰ্ট এছোচিয়েচন, গুৱাহাটীৰ সাধাৰণ সম্পাদক বিপুল কলিতাকে ধৰি বিভাগীয় কেবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগৰ এনে পদক্ষেপক গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ জনসাধাৰণে আদৰণি জনাইছে।

Previous Post

গুৱাহাটীত AREIDAই আয়োজন কৰা সম্পত্তি মেলাত বিশেষ ৰেহাইৰ ব্যৱস্থা

Next Post

কলাক্ষেত্ৰত জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুথি ‘তোমাৰ অবৰ্তমানত’ উন্মোচন

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
কলাক্ষেত্ৰত জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুথি ‘তোমাৰ অবৰ্তমানত’ উন্মোচন

কলাক্ষেত্ৰত জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুথি 'তোমাৰ অবৰ্তমানত' উন্মোচন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

পুনৰ ক’ভিডঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ

দেশত জানুৱাৰী মাহত ক'ভিডৰ ঘটনা ভয়ংকৰ ভাৱে বৃদ্ধি পা'ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8