নিউজ ডেস্কঃ সোমবাৰৰ পৰা অৰ্থাৎ আজিৰে পৰা ৬ মাহৰ অন্তত খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ । অন্ত পৰিব ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় সমূহৰ অভিভাৱক সকলৰ উৎকণ্ঠা।নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ’ব পাঠদান। ইপিনে ৰাজ্য চৰকাৰৰ সকলো নীতি নিয়ম মানি বিদ্যালয়সমূহ খোলাৰ বাবে সাজু হৈ উঠিছে বিদ্যালয় কৰ্তৃপক্ষ।
ক’ৰোনাৰ ভয়াবহতাৰ বাবে ১৫ মাৰ্চৰ পৰাই বন্ধ হৈ আছিল বিদ্যালয়সমূহ । ইফালে ৫০ শতাংশ শিক্ষকৰ উপস্থিতিত চলিব পাঠদান । ক’ভিড প্ৰট’কল মানি শ্ৰেণী সমূহত পাঠদান আৰম্ভ কৰা হ’ব । সামাজিক দূৰত্ব মানি চলাৰ বাবে ছাত্ৰ ছাত্ৰী সমূহক ভাগ কৰা হ’ব। ছাত্ৰ ছাত্ৰী সকল শিক্ষানুষ্ঠানত আহিবলৈ অভিভাৱকৰ লিখিত অনুমতি পত্ৰ আনিব লাগিব ।