গুৱাহাটীঃ ক’ৰোনা আতংকই সকলোকে আতংকগ্ৰস্ত কৰিলেও গুৱাহাটী মহানগৰীৰ একাংশ আৰক্ষীক কিন্তু টলাব পৰা নাই এই মহামাৰীয়ে৷ যিসময়ত এচাম নিষ্ঠাৱান আৰক্ষীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি সাধাৰণ ৰাইজৰ সুৰক্ষাৰ বাবে দেহত ক’ভিডৰ বীজাণু ধাৰণ কৰিবলগীয়া হৈছে সেই সময়তে এচাম আৰক্ষীয়ে টি এফ দামোদৰ নামৰ বিলাসী জাহাজখনত মাজনিশালৈ সুৰাৰ আড্ডা জমাই সচেতন লোকৰ চকু কপালত উঠাইছে৷
প্ৰায় ২০গৰাকী জ্যেষ্ঠ কনিষ্ঠ আৰক্ষী বিষয়াই নৈশ ভোজৰ পাৰ্টিত মাজ নিশালৈকে চলাইছিল সুৰাৰ আড্ডা।ইতিমধ্যে প্ৰকাশ পোৱা নৈশ ভোজৰ কেতবোৰ ফ’টোত সকলোৰে সন্মুখত সুৰাৰ গিলাচ থকা স্পষ্ট হৈ আছে।পাৰ্টীত মহিলা আৰক্ষী বিষয়াও উপস্থিত আছিল।ইফালে,অসম চৰকাৰে আন এটা বিভাগৰ অধীনত থকা এই বিলাসী জাহাজখন মাজ নিশা পাৰ্টী কৰিবলৈ সেই বিভাগটোক কোনে অনুমতি দিলে সেয়াও এতিয়া তদন্তৰ আওতাত আহিব লাগে বুলি দাবী উঠিছে। গতিকে এতিয়া দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কি ব্যৱস্থা হাতত লয় সেইটোহে লক্ষ্যণীয় হ’ব।
এই সন্দৰ্ভত হেডলাইন৮ত এক বিশদ ভিডিঅ’ও প্ৰকাশ পাইছে