অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ১২ ফেব্ৰুৱাৰীত অসম বিধানসভাত দাখিল কৰা বাজেটত দীপৰ বিলৰ পুনৰ্জীৱিতকৰণৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা বিষয়টোত দীপৰ বিলৰ দাঁতি কাষৰীয়া অঞ্চল আৰু পশ্চিম গুৱাহাটীৰ বিভিন্ন দল – সংগঠনে আদৰণি জনাইছে। অৱশ্যে পুনৰ্জীৱিতকৰণৰ নামত বিলখনৰ জৈৱ – বৈচিত্ৰ্যৰ কোনো ধৰণৰ ক্ষয় – ক্ষতি নহয় তাৰ বাবেও চৰকাৰক আহ্বান জনাইছে দল – সংগঠন সমূহে। আনকি ইয়াৰ বাবে দল – সংগঠন সমূহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপৰিও এইক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি অহা বাবে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভূয়সী প্ৰশংসা কৰিছে। এটা বিবৃতিত দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণৰ হকে মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে কয় – চৰকাৰে দীপৰ বিলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আমি সদায় আদৰণি জনায় আহিছো। কিন্তু আমাৰ মূল দাবী হল দীপৰ বিলৰ জৈৱ – বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখিবলৈ হলে প্ৰথমতে দীপৰ বিলত পামহী কেনেলেৰে অহৰহ ভাবে গুৱাহাটীৰ দূষিত – বৰ্জিত পানীভাগ পেলাই অহা কাৰ্য চিৰদিনৰ বাবে বন্ধা কৰিব লাগিব। তেনেদৰে বিলৰ পৰা কিছু নিলগত পামহী কেনেলৰ দাঁতিত পশ্চিম বৰাগাওঁৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে ২০২১ চনৰ আগষ্ট মাহত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোও চিৰদিনৰ বাবে বন্ধ কৰিব লাগিব। এই দুয়োটা কাম কৰিলেহে দীপৰ বিলখন পুনৰ্জীৱিত কৰাৰ আঁচনিখন সফল হব পাৰে বুলি মঞ্চই দাবী কৰি আহিছে বুলি কৰ্মকৰ্তাত্ৰয়ে সদৰি কৰিছে।
তেনেদৰে দীপৰ বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰীয়া সকলৰ একমাত্ৰ সংগঠন দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে বিলখনৰ পুনৰ্জীৱিত কৰা আঁচনিখনলৈ সমৰ্থন জনাইছে। সমিতিৰ উপদেষ্টা প্ৰদীপ দাস, সভাপতি গোলক দাস (১), সম্পাদক গোলক দাসেও (২) এটা বিবৃতিত কয় – চৰকাৰে যি আঁচনিয়ে নলওক কিয় যিকোনো মূল্যৰ বিনিময়ত দীপৰ বিলত মাছমৰীয়া লোকসকলৰ পৰম্পৰাগত মাছ ধৰা অধিকাৰ চিৰদিনলৈ সদায় সুৰক্ষিত হব লাগিব। কিয়নো মাছমৰীয়া লোকসকলেই হৈছে দীপৰ বিলৰ আচল আৰু অতন্দ্ৰ প্ৰহৰী বুলিও সমিতিৰ কৰ্মকৰ্তাত্ৰয়ে সদৰি কৰিছে। সমান্তৰাল ভাবে দীপৰ বিলৰ কাষৰীয়া খানামূখ মিলন সংঘ , চকৰৰ্দৌ কলিতাপাৰা ৰাইজ গয়ৰহ, দেউচতাল নবজ্যোতি সংঘকে ধৰি কেবাটাও দল – সংগঠনেও প্ৰথমবাৰৰ বাবে চৰকাৰে দীপৰ বিলৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা কাৰ্যক আদৰণি জনাইছে। এই আঁচনিখন যাতে সফলকাম হয় তাৰ কামনা কৰি দল – সংগঠনবাবে সমূহে বিলৰ লগতে দীপৰ বিল – ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানটোও সংৰক্ষিত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।