ভাৰতৰ আন ৰাজ্যৰ দৰে অসমতো শাওণ মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি ভোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ নদীৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত পবিত্ৰ মনেৰে ঢালে।
সেইদৰে, গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰত শাওণ মাহ আৰম্ভ হোৱা উপলক্ষে দেওবাৰে মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ভীমাশংকৰ মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি সনেছ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে কভিড – ১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰৰ মূৰত অনুষ্ঠিত ভোলবোম উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হ’ব বুলি পৰিচালনা কমিটি এইবেলি আগতীয়াকৈ সাজু হৈছে। ইতিমধ্যে অধিক ভক্তৰ সমাগম হব বুলি ধাৰণা কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা,, কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা হয়।
আনকি ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে ভীমাশংকৰত থকা শিৱলিংগত গৈ শৃংখলাবদ্ধভাবে শাৰী পতাৰ বাবে এটা নতুনকৈ প্ৰবেশ পথ নিৰ্মাণ কৰা হৈছে। দেওবাৰে মাজনিশাৰ পৰা সোমবাৰে বিয়লি পৰ্যন্ত প্ৰায় ৫০ হাজাৰৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰ প্ৰায় আধা কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়।