নিউজ ডেস্কঃ গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা দিবন ডেকা। বিজেপি নেতা গৰাকীক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে।
গুৱাহাটীৰ কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে পাটাছাৰকুছি আৰক্ষী থানাই।
বৰ্তমান আৰক্ষীৰ জিম্মাত আছে দিবন ডেকা।