নিউজ ডেস্কঃ ৰাজ্যত সম্প্ৰতি ক’ৰোনাৰ ভয়াৱহতা বাহাল থকাৰ মুহূৰ্তত আন এক ভয়ংকৰ ছবি সন্মুখলৈ আহিছে৷ দিশপুৰৰ ৰাজধানীৰ নিচেই কাষতে থকা ৰাজ্যিক চিকিৎসালয়ত ক’ৰোনাৰ প্ৰট’কল ভংগ কৰাৰ ভয়ংকৰ ছবি দেখা গৈছে৷
সামাজিক দূৰত্বৰ বিধি ভংগ কৰি বিভিন্ন লোকে একেটা স্থানতে সমবেত হৈ চিকিৎসালয়ত ভিৰ কৰা দেখা গৈছে৷ চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰট’ক’ল ভংগ কৰি জনসাধাৰণে চিকিৎসালয়ত ভিৰ কৰিছে৷ এই ক্ষেত্ৰত প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷