যদিহে মহানগৰীৰৰ চিটি বাছত আপোনাৰ পৰা অধিক ভাড়া লয় এতিয়াৰে পৰা চিন্তাৰ কোনো কাৰণ নাই।ৰাইজৰ বাবে প্ৰকাশ পালে হেল্পলাইন নম্বৰ।এটা ফোনকল অথবা এটা Whatsapp Messageৰ জৰিয়তে আপুনিও কৰিব পাৰিব অভিযোগ।
ৰাজ্যৰ প্ৰশাসনক লৈ কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন।কামৰূপ জিলা প্ৰশাসনে বৃহস্পতিবাৰে প্ৰকাশ কৰিলে মহানগৰীৰৰ চিটি বাছৰ ভাড়াৰ নতুন নিৰিখ।এই ভাড়া অনুসৰি যদি আপোনাৰ পৰা ভাড়া নলয় তেন্তে এটা ক্লিকত এতিয়াৰে পৰা আপুনি জনাব পাৰিব প্ৰশাসনক।যানবাহন আৰক্ষীৰ ওচৰত যি কোনো অভিযোগৰ বাবে ৬৯০১২-৬৯০০৬ আৰু ৬০২৬১-৭৬৭৫৫ নম্বৰত Whats App যোগে প্ৰেৰণ কৰিব পাৰিব অভিযোগ অথবা পৰিবহণ বিভাগক ৯৫৩১১০৭৪৮২ নম্বৰত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব।
কোভিডৰ সংক্ৰমণৰ পিছৰে পৰা বাছৰ ভাড়াক লৈ মহানগৰবাসীৰ বহু অভিযোগ দেখা যায়।বাছৰ চালক হেণ্ডিমেনে ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে ভাড়া বঢ়োৱা বুলি কোৱা দেখা যায়।মহানগৰ জিলা প্ৰশাসনৰ এই পদক্ষেপে মহানগৰবাসীক কিমান সকাহ দিয়ে সেয়া সময়ত লক্ষণীয় হব।