নিউজ ডেস্কঃ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো অব্যাহত আছে ড্রাগছৰ নিষিদ্ধ ব্যৱসায়৷ আৰক্ষীৰ হাতত প্রতিদিনে উৎখাত হৈছে নিষিদ্ধ ড্রাগছৰ ঘাটি৷ আজি পুনৰ বশিষ্ঠ আৰক্ষীয়ে সাউকুছিত অভিযান চলাই তিনিটা ড্রাগছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ কৰিছে৷
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ড্রাগছ ব্যৱসায়ীকেইটাৰ নাম ফাইজুল আলী, আমিনুল ইছলাম আৰু মিথিংগা বসুমতাৰী বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে মহানগৰত দীর্ঘদিন ধৰি একাংশ চক্রই চলাই আহিছে ড্রাগছৰ ব্যৱসায়৷ বিভিন্ন ঠাইত থকা একাংশ ড্রাগছৰ ঘাটিত আৰু ড্রাগছ সৰবৰাহকাৰী-ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত কোটি কোটি টকাৰ ড্রাগছ জব্দ হৈছে৷ আৰক্ষীয়ে ড্রাগছ ব্যৱসায় আৰু সেৱনৰ লগত জড়িত থকা যথেষ্টসংখ্যক লোকক আটক কৰিবলৈ সক্ষম হৈছে৷