গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়,অসমৰ বিদ্যায়তনিক দিশটোত এক নৱতম সংযোজনৰ দ্বাৰা ইয়াৰ শিক্ষাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সৰ DST – FISTৰ দ্বাৰা অনুমোদিত পৰীক্ষাগাৰটোক নতুনকৈ উন্নীতকৰণ কৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৫ নৱেম্বৰত পৰীক্ষাগাৰ হিচাপে উদ্ধোধন কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰা অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতা, অধ্যাপক কন্দৰ্প দাস, আই আই টি, গুৱাহাটীৰ অধ্যাপক উৎপল বৰা, বিজ্ঞানী পি.চট্টোপধ্যায় ডি আৰ এল, তেজপুৰ, গুৱাহাটী আই এ এচএচ টিৰ বিজ্ঞানী, অধ্যাপক ৰাজলক্ষ্মী দেৱী, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক প্ৰীতম মোহন। আৰম্ভণিতে সকলোকে আদৰণি জনায় প্ৰতিষ্ঠানৰ অধ্যক্ষ অধ্যাপক পি.মালাইৰাজনে।
উল্লেখযোগ্য যে চলিত বছৰতেই গৱেষণাৰ ক্ষেত্ৰখনত ইতিহাস সৃষ্টি কৰি আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠানখনলৈ ভাৰত চৰকাৰৰ ঐতিহাসিক স্বীকৃতি হিচাবে গৱেষণাৰ বাবে ১.১০কোটি টকাৰ অনুদান লাভ কৰে। গৱেষণাৰ বাবে এই বৃহৎ ধনৰাশি লাভ কৰা এইখনেই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম খন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান।