অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চন্দ্ৰপুৰ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া, বনপালক ৰূপন হালৈয়ে আজি অৱসৰ গ্ৰহণ কৰা উপলক্ষে তেওঁক বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বিয়লি গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক জে চি দাস, গুৱাহাটীৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা, উপ বনাঞ্চলিক বিষয়া প্ৰাণজিৎ ডেকা, জৰীপ সংমণ্ডলৰ বনাঞ্চলিক বিষয়া প্ৰমোদ শৰ্মাই বিদায়ী বনপালক ৰূপন হালৈক গামোছা, শৰাই, জাপি, ফুলৰ থোপাৰে বিপুলভাবে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত ৰূপন হালৈয়ে তেওঁ ১৯৮২ চনৰ জুলাই মাহত বন বিভাগৰ নলবাৰী সামাজিক বনানীকৰণ সংমণ্ডলত বনৰক্ষী হিচাপে যোগদান কৰি ২০১১ চনত বনপালক পদত পদোন্নতি লাভ কৰা আৰু বিগত প্ৰায় ৪০ বছৰীয়া চাকৰি কালত অসমৰ ইমূৰৰ পৰা সিমুৰলৈ সাতোটা সংমণ্ডলত কাম কৰা, চোৰাং চিকাৰীৰ সৈতে হোৱা সংঘৰ্ষ আদিৰ তিতা মিঠা অভিজ্ঞতা দাঙি ধৰে আৰু বিষয়া – সহকৰ্মী সকলৰ পৰা লাভ কৰা সহায়- সহযোগিতাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।