সমগ্ৰ ৰাজ্যজুৰি পৰিবহণ বিভাগৰ অলক্লিয়াৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে বুধবাৰে মহানগৰীৰ মাছখোৱা, ভুতনাথ, ফাঁচী বজাৰ আদি অঞ্চলত ব্যাপক তালাচী অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল। এম ভি আই জয়সিং ৰংফাৰ আৰু কাণাই মহন্ত, এনফৰ্চমেন্ট পি বি লামা, মৰমী পাঠকৰ সহযোগী দলৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে বৃহৎ অঞ্চলটোত চলোৱা তালাচী অভিযানত নথি-পত্ৰ নৱীকৰণকে ধৰি যাৱতীয় কৰ আদায় নিদিয়াৰ ক্ষেত্ৰত ধৰা পৰে বহু বিসঙ্গতি।
অভিযানৰ সময়ত এখন বিলাসী বাহনে দীৰ্ঘদিন ধৰি কোনোধৰণৰ কৰ পৰিশোধ নকৰাৰ গুৰুত্বৰ তথ্য ধৰা পৰাত বাহনখন ঠিতাতে জব্দ কৰা হয় ৷ বহু চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকাৰ উপৰি প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰও নাই ৷
উল্লিখিত স্থানসমূহত তালাচী অভিযান চলোৱাৰ উপৰি মহানগৰীৰ গড়চুক, কাটাহবাৰী, গণেশপাৰা, আহোম গাওঁ, বেলতলা আদি ভিন ভিন অঞ্চলত কৰ পৰিশোধ নকৰা বাহনৰ মালিক-কতৃপক্ষৰ তথ্য হাতত লৈ ঘৰে-ঘৰে, কাৰ্যালয়ে-কাৰ্যালয়ে অভিযানকাৰী দল উপস্থিত হৈ ব্যক্তিগত বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা আৰু যান-বাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানক ত্ৰিশৰো অধিক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধ কৰাৰ লগতে বাহনৰ নথিপত্ৰ নৱীকৰণৰ আহ্বান জনায়।
একেসময়তে কৰ অনাদায়ী সকলক ৰাজ্যখনত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভতো অৱগত কৰে। উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে পথ-সুৰক্ষাৰ সজাগতা অভিযান৷