বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমানকোঠৰ নতুন পৰিচালনা প্ৰতিষ্ঠান গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডক বিমানকোঠৰ বিভিন্ন সেৱা পৰ্যবেক্ষন কৰি মাপ নিৰ্দ্ধাৰণ কৰা আন্তঃৰাষ্টীয় সংস্থা এয়াৰপৰ্ট কাউঞ্চিল ইন্টাৰনেশ্যনেলে গুৱাহাটী বিমানকোঠক ২০২১ চনৰ ভইচ অফ কাষ্টমাৰ শীৰ্ষক বঁটা প্ৰদান কৰে। উল্লেখ্য যে ক’ভিডোত্তৰ কালত গুৱাহাটী বিমানকোঠে গ্ৰাহকক আগবঢ়োৱা বিভিন্ন সেৱাৰ ভিত্তিত এই বঁটা প্ৰদান কৰে।
২০২১ চনৰ ক’ভিডৰ সময়ত গুৱাহাটী বিমানবন্দৰে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, বিভিন্ন কাৰ্য পদ্ধতি প্ৰদৰ্শন কৰি গ্ৰাহকৰ তথ্য সংগ্ৰহ কৰিছিল। উল্লেখযোগ্য যে ২০২০ চনত এ চি আই-য়ে গঠন কৰা স্বতন্ত্ৰ সমিতিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত নিৰ্বাচন কৰা বিমানবন্দৰসমূহক এই বঁটা প্ৰদান কৰা হৈছে। বিশেষকৈ সমগ্ৰ বিশ্বজুৰি হোৱা সংকটকালত গ্ৰাহকে সন্মুখীন হোৱা অনুসন্ধানমূলক তথ্যৰ ভিত্তিত, বিমানকোঠে প্ৰদান কৰা সুযোগ-সুবিধাৰ বাবে এই বঁটা প্ৰদান কৰে। এই ক্ষেত্ৰত গুৱাহাটী বিমানকোঠে উন্নতমানৰ সা- সৰঞ্জাম যেনে যাত্ৰীয়ে স্ব-সেৱাৰ জড়িয়তে সুৰক্ষা ক্ষেত্ৰলৈ যাবলৈ বৰ্ডিং পাছ ছপা কৰিব পৰা কিয়চক মেচিনৰ ব্যবস্থা, যাত্ৰীসকলৰ লগত মুখামুখীকৈ মত বিনিময় কৰিবলৈ প্ৰক্সি গ্লাছৰ লগতে জিৰণিকক্ষত যাত্ৰীসকলৰ বাবে সামাজিক দুৰত্ব বজাই ৰাখি বহাৰ ব্যবস্থাৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত ২১ টাকৈ ক’ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছিল।
এই আশাপ্ৰদ বঁটা লাভ কৰাৰ ক্ষেত্ৰত গুৱাহাটী বিমানকোঠৰ মুখ্য বিষয়াই আনন্দ প্ৰকাশ কৰি কয় যে ভৱিষ্যতলৈ অধিক উন্নতমানৰ কাৰিকৰী সা-সৰঞ্জাম সংযুক্ত কৰাৰ লগতে বিশেষকৈ গ্ৰাহকৰ সুৰক্ষা আৰু সু্যোগ-সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে এখন সৰ্বাংগসুন্দৰ বিমানকোঠ নিমাৰ্নৰ বাবে পৰিকল্পনা অব্যাহত ৰাখিছে।