দেশৰ আভ্যন্তৰিণ নিৰাপত্তা আৰু আইন – শৃংখলা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফে আজি দেশজুৰি ভেটাৰ্নছ দিৱস পালন কৰে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত থকা ১৭৫ CRPF বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত ভেটাৰ্নছ দিৱস পালন কৰা হয়।
আনহাতে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত বাহিনীটোৰ মহিলাকে ধৰি ১০ জন অৱসৰপ্ৰাপ্ত বীৰ জোৱান – বিষয়া ক্ৰমে – চিত্ৰবালা বৈশ্য, মণ্টুৰাম বৈশ্য, বসন্ত ডেকা, কনক চন্দ্ৰ দাস, দীনেশ বেজবৰুৱা, দিলৱাৰ আলী , এ চি ডেকা, প্ৰমোদ চন্দ্ৰ দাস, শচীন চন্দ্ৰ দাস, বিচিত্ৰ ডেকাক সম্বৰ্ধনা জনোৱা হয়।
আটাইকেইজনকে গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায় ১৭৫ CRPFৰ কমাণ্ডেন্ট সুভাষ চন্দ্ৰ শৰ্মাই। চমু ভাষণত কমাণ্ডেন্ট শৰ্মাই আটাইকেইজনৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কয় তেওঁলোকৰ বীৰত্ব, দেশপ্ৰেম, ত্যাগে বাহিনীটোৰ গৌৰৱ বৃদ্ধি আহিছে। অনুষ্ঠানত চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমান, ডেপুটী কমাণ্ডেন্টদ্বয় আব্দুল ৰহিম আৰু ৰবি শ্ৰীবাস্তব, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে।