নিউজ ডেস্কঃ ২২ অক্টোবৰ ২০২০ তাৰিখে দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনা মহা আড়ম্বেৰেৰে অসম চৰকাৰে গণেশগুৰিৰ নৱ নিৰ্মিত সংযোগী উৰণীয়া সেঁতুখন মুকলি কৰে৷ এই উৰণীয়া সেঁতুখনে মহানগৰৰ যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷
উৰণীয়া সেঁতুখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে চিত্ৰশিল্পী অসমীয়া কলা-সংস্কৃতিক সামৰি বহু দৃশ্য দেৱালত অংকন কৰিছে৷ কিন্তু দেৱালত অংকিত গুৰু আসনৰ আলোকচিত্ৰইহে সচেতন নাগৰিকক শংকিত কৰি তুলিছে৷ কিয়নো সেঁতুখনৰ মুকলিৰ প্ৰথম দিনাই একাংশ অবিবেচক লোকে তামোল-গুটখাৰ পিকেৰে সেঁতুৰ কিয়দাংশ ৰাঙলী কৰা পৰিলক্ষিত হ’ল৷ যদি গুৰু আসনখনতো এইচাম অবিবেচক লোকে পিকায় তেন্তে অসমীয়াৰ স্বাভিমানত আঘাত নালাগিবনে বুলি সচেতন নাগৰিকে প্ৰশ্ন কৰিছে৷
একাংশ সচেতন লোকে গুৰু আসনৰ ছবিখন সেঁতুৰ পৰা আঁতৰাই দিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে আন একাংশই চৰকাৰৰ চেকুলাৰিজিমক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷