নিউজ ডেস্কঃ দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনা গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতুখন মুকলি কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটো অসমৰ বাবে আনন্দৰ দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে গুৱাহাটী মহানগৰী অসমৰ আত্মাস্বৰূপ৷ এই মহানগৰী দক্ষিণ পূব এছিয়াৰ ভিতৰত শক্তিশালী চহৰ হোৱাৰ দিশে আগবাঢ়িছে৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়তকৈ পূৰ্বে উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ কৰি দায়িত্বৰ প্ৰতি নিষ্ঠাৰ পৰিচয় দিছে৷ ইয়াকেই সু-শাসনৰ উদাহৰণ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আটাইকে ধন্যবাদ জ্ঞাপন কৰে৷