অহা ২২ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পৌৰনিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিল আবেলি ৪.৩০ বজালৈকে ড্ৰাই ডে’ ঘোষণা কৰিছে। লগতে ২৪ এপ্ৰিলত ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’।
এই সময়চোৱাত পৌৰনিগম এলেকাত থকা সকলো ধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে পন্যাগাৰ, আই এম এফ এল তথা দেশীয় সুৰাৰ দোকানসমূহো বন্ধ ৰাখিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ নিৰ্দেশ দিয়া হৈছে।