নিউজ ডেস্কঃ ক’ৰোনাত আক্রান্ত হৈ অসুস্থ হৈ পৰা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ বর্তমান শ্বাস–প্রশ্বাসজনিত সমস্যাত ভুগিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা গগৈৰ কালি পুৱাৰ ভাগত হঠাতে দেহত অক্সিজেনৰ মাত্রা হ্রাস পোৱাত আই চি ইউলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল৷ শুকুৰবাৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে সদৰী কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– প্রাক্তন মুখ্যমন্ত্রী গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ অচিৰেই এইমছৰ চিকিৎসক জি এম চি এইচলৈ আহিব৷ এই সন্দর্ভত শুকুৰবাৰে পুৱা ৯.১৫ বজাত এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এক দীঘলীয়া সময় বার্তালাপ হয়৷ মোৰ লগতে জি এম চি এইচৰ কেইবাজনো জ্যেষ্ঠ চিকিৎসকৰ লগতে তৰুণ গগৈৰ পুত্র তথা সাংসদ গৌৰৱ গগৈ উপস্থিত থকা এই ভিডিঅ’ কনফাৰেঞ্চত এইমছৰ সঞ্চালকজনে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পর্কে তথ্য সংগ্রহ কৰাৰ লগতে জি এম চি এইচৰ চিকিৎসকৰ দলক গগৈৰ শৰীৰৰ আন কেতবোৰ পৰীক্ষা কৰাৰ বাবেও পৰামর্শ দিয়ে৷ সঞ্চালক গুলেৰীয়াই গগৈৰ স্বাস্থ্য পৰীক্ষাৰ বাবে দুই–এদিনতে এইমছৰ পৰা চিকিৎসক প্রেৰণ কৰিব বুলিও জানিবলৈ দিয়ে৷