মহানগৰীৰ বৃহত্তৰ আদিংগিৰি অঞ্চলৰ ৰাইজৰ অকুন্ঠ সহায়-সহযোগিতাত অহা ২৫ এপ্ৰিল, বৃহস্পতিবাৰে আদিংগিৰি ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি চলিছে। জয়চৰণ ঠাকুৰীয়াক সভাপতি, বলোৰাম শৰ্মাক সাধাৰণ সম্পাদক, গোবিন্দ ডেকা আৰু লক্ষণ ডেকাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে ইতিমধ্যে বিহু সন্মিলনৰ সকলো কাম পূৰ্ণগতিত আগবঢ়াইছে। কাৰ্যসূচী অনুসৰি সেইদিনা ৰঙালী বিহুৰ পতাকা উত্তোলন, বৃক্ষৰোপনৰ পিছতে স্থানীয় মহিলাসকলৰ দ্বাৰা সমবেত সঙ্গীত, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, বিহু আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য, খেল-ধেমালি আদিৰ পিছতে বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হ’ব৷ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কতৰ্ব্যৰত বিষয়া ৰঞ্জিত ভট্টাচাৰ্য নিমন্ত্ৰিত অতিথি আৰু অসম চৰকাৰৰ উপ-পৰিবহণ আয়ুক্ত গৌতম দাস বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকিব।
সন্ধিয়া ৬.৩০বজাত বন্তি প্ৰজ্বলন কৰিব অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উল্লাশ কুলকাৰ্নী আৰু অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই। সন্ধিয়া ৭বজাত ND24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই মঞ্চ উদ্বোধন কৰাৰ পিছতে জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মা, কল্লোল বৰঠাকুৰ, দীপক শৰ্মা, জয়সিং ৰংফাৰ, ভাস্কৰ সান্দিল্য আদি কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ উপৰি পৰিবহণ বিভাগৰ উদ্যোগত উপ-পৰিবহণ আয়ুক্ত গৌতম দাসৰ পৰিকল্পনাত বিশেষভাৱে প্ৰস্তুত কৰা বিহু হুচৰি দলে পথ-সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সজাগতা অনুষ্ঠান পৰিবেশন কৰিব।