নিউজ ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ দ্বীপজ্যোতি গগৈক সোমবাৰে নিশা প্ৰায় ৮: ৩০ মান বজাত ডিমৌ থানাৰ আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰে ।শিৱসাগৰৰ পেজ এটাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম উল্লেখিত ভুৱা গোহাৰি প্ৰকাশ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে ঘৰৰ পৰা কিবা কামত ওলাই যোৱা গগৈক নিশা প্ৰায় ৮:৩০ মান বজাত ঘৰলৈ ঘূৰি অহাৰ পথত তেওঁক বগা ৰঙৰ স্ক’ৰপিঅ গাড়ী এখনত অহা ব্যক্তি কেইজনে নিজকে ডিমৌ থানাৰ আৰক্ষী বুলি চিনাকি দি তেওঁক থানালৈ লৈ যায়। লগতে ৰাতিয়ে ছাত্ৰজনক ডিমৌ থানাৰ পৰা গুৱাহাটীলৈ পঠিয়াই দিয়া বুলি জানিব পৰা গৈছে।
পৰিয়ালে জানিব দিয়া মতে দ্বীপজ্যোতি গগৈক ৪১৯ আৰু ৪২০ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। দ্বীপজ্যোতিৰ গ্ৰপ্তাৰ কৰা খবৰ সামাজিক মাধ্যমেৰে জনাজাত হোৱাৰ লগে লগে বিভিন্ন সচেতন মহলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সকলোৱে ছাত্ৰজনৰ মুক্তিৰ দাবী প্ৰকাশ কৰে।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট