গুৱাহাটীঃ গুৱাহাটীৰ এগৰাকী চিকিৎসকে ‘ক’ভিড-১৯ মহামাৰীক ভুৱা’ বুলি দাবী কৰি এই সংক্ৰান্তত চিবিআইক এক এজাহাৰ দাখিল কৰিছে৷
ষাঠী বৰ্ষীয় জেনেৰেল ছাৰ্জন সত্যকাম ফুকন এই সংক্ৰান্তত চিবিআইৰ লগতে এনআইএলৈও এটা প্ৰতিলিপি প্ৰেৰণ কৰি ১৮ জুন ২০২০ তাৰিখে এখন এজাহাৰ দাখিল কৰে৷
ডাঃ ফুকনে তেওঁৰ এজাহাৰত অনুসন্ধান সংস্থাটোক জনসাধাৰণে যাতে এই ‘ভুৱা প্ৰচাৰ’ৰ বলি হ’বলগীয়া নহয় তাৰ বাবে তেওঁ অনুৰোধ জনাইছে৷
চিবিআইয়ে এই সন্দৰ্ভত এতিয়াও ডাঃ ফুকনক কোনো উত্তৰ প্ৰদান কৰা নাই৷
চিকিৎসকগৰাকীয়ে তেওঁৰ দাবীৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত কেইবাটাও ক’ভিড-১৯ৰ বাতৰিৰ লিংক বিনিময় কৰিছে৷
এজাহাৰখনত ডাঃ ফুকনে এই বুলি উল্লেখ কৰে, ‘‘আন্তৰ্জাতিক সংবাদ মাধ্যমত ক’ৰোনা/ক’ভিড-১৯ৰ পৰিঘটনাটো এক প্ৰতাৰণা যেন মোৰ দৃষ্টিগোচৰ হৈছে আৰু আমেৰিকা তথা ইউৰোপত ইয়াৰ সত্যতা প্ৰকাশো পাইছে৷’’
তেওঁ কয় যে এজন চিকিৎসক হিচাপে এই ‘‘so-called disease’’ক জনসাধাৰণ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷
‘‘মই কিছুমান লিংক ইয়াত বিনিময় কৰিছো যিবোৰ Yandex অথবা Duckduckgoত ‘Corona Virus Hoax’ অথবা ‘Corona Virus Hoax empty hospitals’ বুলি সন্ধান কৰিলে পোৱা যাব, কিন্তু এই কণ্টেণ্টসমূহ গুগল অথবা বিঙত উপলব্ধ নহয়৷’’