নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ আজি অফিচিয়েল ৱেবছাইট মুকলি কৰা হয়৷ এতিয়াৰে পৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ সবিশেষ তথ্য http://www.gauhatipressclub.com ত উপলব্ধ হ’ব৷
আনহাতে দুৰ্গোৎসৱৰ পবিত্ৰক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে এক গুৰুত্বপূৰ্ণ তথা অনবদ্য পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূল্যে অধ্যয়নৰ সুবিধা লাভ কৰিব প্ৰেছ ক্লাবৰ সদস্যৰ শিশুৱে। কৰ্তব্যৰত অৱস্থাত জটিল ৰোগত আক্ৰান্তহৈ মৃত্যু, স্বাস্থ্যজনিত কাৰণত আৰ্থিক দীনতাত ভোগা তথা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়াল পোহপালত অসুবিধাৰ সন্মুখীন হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যৰ সন্তানে লাভ কৰিব এই সুবিধা। সাংবাদিকৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত যাতে বাধাৰ সন্মুখীন নহয় সেয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপত সহযোগিতা আগবঢ়োৱা বিদ্যালয়সমূহ হ’ল-
১. অসম জাতীয় বিদ্যালয়
২. ৰয়েল গ্ল’বেল স্কুল
৩. মাৰিয়াছ পাব্লিক স্কুল
৪. ছাউথ পইণ্ট স্কুল
৫. ইন্টাৰনেশ্যনেল স্কুল, গুৱাহাটী
৬. গুৰুনানক হাইস্কুল
৭. চেইণ্ট বিবেকানন্দ ইংলিছ একাডেমি
৮. হেপি মন্টেছৰী হাইস্কুল
৯. গুৱাহাটী পাব্লিক স্কুল
১০. চোভিনীয়েৰ ছেকেণ্ডাৰী স্কুল
১১. মডাৰ্ণ ইংলিছ হাইস্কুল
উল্লেখ্য, অহা শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হব এই সুবিধা। শীঘ্ৰে আনুষ্ঠানিকভাৱে এক অনুষ্ঠানৰ জৰিয়তে মুকলি কৰা হব প্ৰকল্প। গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এই কথা জানিবলৈ দিয়ে৷