নিউজ ডেস্কঃ গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ (GMDA) ৰ কৰ্তৃপক্ষই শুকুৰবাৰে জানিবলৈ দিয়ে যে অহা ৭ ডিচেম্বৰ পৰা ১১ ডিচেম্বৰ লৈ ৰোপৱে’ বন্ধ থাকিব ৷ ১২ ডিচেম্বৰৰ পৰা পুনৰ ৰোপৱে’ সেৱা যাত্ৰীৰ বাবে মুকলি কৰা হ’ব ৷
উল্লেখ্য যে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰক সংযুক্ত কৰা ৰোপৱে’ সেৱা চৰকাৰে ৫৬ কোটি টকা ব্যয়ৰে আগষ্টৰ ২৪ তাৰিখে জনসাধাৰণৰ বাবে মুকলি কৰিছিল যদিও ২৬ আগষ্টত যান্ত্ৰিক বিজুতিৰ বাবে বন্ধ হৈ পৰে ৷ পুনৰ ৩১ আগষ্টত ৰোপৱে’ সেৱা আৰম্ভ হয় ৷