গুৱাহাটীঃ ক’ৰোনা ভাইৰাচৰ আতংক অব্যাহত থকাৰ মাজতো গুৱাহাটী মহানগৰত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা৷ কালি নিশা পুনৰ হাতীগাঁৱৰ বশিষ্ঠপুৰৰ ৰয়েল পইণ্ট এপার্টমেণ্টত সংঘটিত হ’ল চুৰি কাণ্ডৰ ঘটনা৷ এপার্টমেণ্টটোৰ দ্বিতীয় মহলাত সংঘটিত হয় এই চুৰি কাণ্ড৷
গৃহস্থ ঘৰত নথকাৰ সুযোগত চোৰৰ দলে প্রৱেশ কৰি ৰঞ্জু শর্মা নামৰ লোকজনৰ কোঠাৰ পৰা ১০ লক্ষাধিক টকাৰ গহণাসহ নগদ ২৬ হাজাৰ টকা লৈ যায়৷ ইতিমধ্যে চোৰৰ দলটো প্রৱেশ কৰাৰ দৃশ্য চি চি টিভি ফুটেজত বন্দী হৈছে৷ সেই ফুটেজ অনুসৰি হাতত লোহাৰ ৰড লৈ প্রৱেশ কৰিছিল চোৰৰ দলটো৷ ইতিমধ্যে চোৰৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে এনেদৰে ক’ৰোনাৰ আতংকৰ মাজতেই বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাত শংকিত হৈ পৰিছে মহানগৰবাসী৷
কিন্তু মহানগৰবাসী শংকিত হৈ পৰাৰ বিপৰীতে অপৰাধ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত গুৰুত্ব নাই আৰক্ষীৰ৷ আৰক্ষীৰ চকুৰ সন্মুখতে এতিয়া দিনে-ৰাতিয়ে মহানগৰত অপৰাধীয়ে চলাইছে সন্ত্রাস৷ অপৰাধীৰ দপদপনি অধিক বৃদ্ধি পোৱাৰ পাছতো কাণসাৰ নাই আৰক্ষীৰ৷ অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ পাছতহে সাৰ পায় জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে৷
প্রণিধানযোগ্যভাৱে সমগ্র উত্তৰ-পূবৰ ভিতৰতে গুৱাহাটী এখন প্রধান বাণিজ্যিক আৰু শৈক্ষিক মহানগৰ৷ মহানগৰখনত প্রায় ১৫-২০ লাখ লোক বসবাস কৰি আছে৷ গতিকে এই বৃহৎসংখ্যক মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাটো মহানগৰ আৰক্ষীৰ বাবে এটা প্রধান দায়িত্ব৷