গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খাদ্যৰসিক সকলৰ সমাদৰ লাভ কৰা গুৱাহাটীৰ জালুকবাৰী গোটানগৰৰ হোটেল ৰেডিছন ব্লুৰ বিপৰীত দিশত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ২০০৫ চনৰ ১৪ মে’ত স্থাপন কৰা হেমলতা ধাবাৰ ১৯ টা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে ১৪ মে’ৰ দিনা সন্ধিয়া ধাবা চৌহদত ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। কেক কাটি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধাবাৰ স্বত্বাধিকাৰ, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযন্তা ৰিংকুমণি বৈশ্যই। এই উপলক্ষে অৰ্দ্ধ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত আয়োজিত এক চমু অনুষ্ঠানত ৰিংকুমণি বৈশ্যই কয় – প্ৰয়াত মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে আৰু মনত ধাবাৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে গোটানগৰৰ বিজু কুমাৰ নামৰ শুভাকাংক্ষী লোক এজনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এবিঘা মাটি লীজত লৈ ২০০৫ চনৰ ১৪ মে’ৰ দিনা ‘হেমলতা ধাবা’ নামেৰে ধাবা এখন আৰম্ভ কৰিছিলো। মোৰ মাতৃ হেমলতা বৈশ্য উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত চাকৰি কৰিছিল আৰু ২০০৫ চনৰ জানুৱাৰী মালিগাঁৱত সংঘটিত এটা পথ দুর্ঘটনাত দুর্ভাগ্যজনকভাবে মৄত্যুক আঁকোৱালি লবলগীয়া হৈছিল। সেই সময়ত মই ছিংগাপুৰত কৰ্মৰত আছিলো আৰু মাৰ মৃত্যুৰ খবৰ পাই মালিগাঁৱলৈ গুচি আহো। ১৪ মে’ৰ দিনা ‘হেমলতা ধাবা’ নামেৰে ধাবা এখন আৰম্ভ কৰো। ধাবাৰ জন্ম কাহিনী এইখিনিয়েই আৰু ৰাইজৰ মৰম – চেনেহৰ মাজেৰে আজি সগৌৰৱৰে ১৯ টা বৰ্ষ অতিক্ৰম কৰিব পাৰিলো বুলি ৰিংকুমণি বৈশ্যই সদৰি কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ প্ৰবীণ চৌধুৰী আৰু হেমলতা পাব্লিক ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা ডঃ আটলাণ্টা চৌধুৰীয়ে চমু ভাষণত হেমলতা ধাবাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ধাবাখনত প্ৰায় ৪০ জন লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হোৱা আৰু অভিযন্তাৰ দৰে দায়িত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈও মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ দুৰ্বাৰ হেঁপাহৰ বাবে ধাবাখন চলাই ৰখা কাৰ্যত সন্তোষ প্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।