সৰ্বোচ্চ অসামৰিক সম্মানৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ৰতন টাটা
টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ আগবঢ়াইছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান অসম বৈভৱ সন্মান । উল্লেখ যে,টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতাল নিৰ্মাণ কৰি আছে।
বিগত বৰ্ষৰ ৩ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ১৮ খন কৰ্কট হাস্পতাল নিৰ্মাণ কৰি থকা বুলি সদৰি কৰিছিল । ইপিনে চলিত বৰ্ষৰ মাৰ্চত ১৮ খন কৰ্কট হাস্পতালৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল । ।
উল্লেখ্য যে, ২০১৮ চনৰ জুন মাহত টাটা ট্ৰাষ্টৰ ৰতন এন টাটাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল ।
উল্লেখ্য যে, টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান আগবঢ়াইছে । সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰতন এন টাটালৈ এই সন্মান আগবঢ়োৱা হয় । কিন্তু এই, অনুষ্ঠানত ৰতন এন টাটা উপস্থিত হ’ব নোৱাৰিলে ।