গুৱাহাটীঃ অসমত ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক মোকাবিলা কৰাৰ অৰ্থে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলত এই সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে সদৰী কৰে মন্ত্ৰী শৰ্মাই৷
ৰাজ্যত ভয়াৱহ হাৰত কৰ’নাৰ সংক্রমণ বৃদ্ধি পোৱাত গুৱাহাটীৰ পাছত আজিৰ পৰা সমগ্র ৰাজ্যতে ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰা হৈছে৷ আনহাতে অসমত কৰ’না ৰোগীক আক্রমণাত্মক (এগ্রেছিভ) চিকিৎসা আৰম্ভ কৰাৰ লগতে প্লাজমা বেংক স্থাপন কৰা হৈছে৷ প্লাজমা বেংকত অসমৰ লগতে দেশৰ অন্য ৰাজ্যৰো কৰ’নাৰ পৰা সুস্থ হোৱা লোকৰ প্লাজমা দান কৰিবলৈ আহবান জনোৱা হৈছে৷ প্লাজমা দাতাক বিশেষ আতিথ্যৰ পৰা বিভিন্ন চৰকাৰী আঁচনিত অগ্রাধিকাৰ প্রদান কৰা হ’ব৷
এতিয়াৰে পৰা ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা মধুমেহ ৰোগী আৰু ৬৫ বছৰতকৈ অধিক বয়সৰ লোকক দৈনিক ১০০ টকা মূল্যৰ ফল-মূল অতিৰিক্তভাৱে প্রদান কৰা হ’ব৷ আজি এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত আজি মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে অসমত আজি ক’ৰোনাত আক্রান্তৰ সংখ্যা ২০ হাজাৰ অতিক্রম কৰে৷ আনহাতে এইপর্যন্ত ক’ৰোনাৰ পৰা সুস্থ হৈ উঠিছে ১৩,৫৫৪জন লোক৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট