সৃজনী আৰু সাদৰ নামৰ দুটা আত্মসহায়ক গোটৰ উদ্যোগত ১৭ তাৰিখ শুক্ৰবাৰে হাতিগাওঁ হাইস্কুলৰ সন্মুখত সম্পূৰ্ণ ঘৰুৱা ভাবে নিৰ্মিত জলপানৰ বিপনী এখন মুকলি কৰা হয়। বিপনীখন আনুষ্ঠানিক ভাবে মুকলি কৰে আত্মসহায়ক গোট দুটাৰ সমূহ সদস্যৰ লগতে বিশেষ অতিথী হিচাপে উপস্থিত থাকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, দিছপুৰ মণ্ডলৰ ৪২ নং ৱাডৰ সভানেত্ৰী ৰুমী কলিতা, জি এম চি ৰ ডে এন ইউ এল এম ৰ কমিউনিটি ৰিচাৰ্চ পাৰ্চন জ্যোৎস্না বেগম ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে।
বিপনীখনৰ আনুষ্ঠানিক মুকলি কৰি সৃজনী নামৰ আত্মসহায়ক গোটৰ সভানেত্ৰী অনিতা ৰহমানে কয় অনাগত দিনত বিপনীখনত নিজ হাতেৰে নিৰ্মিত ঘৰুৱা আৰু সামগ্ৰী সন্নিবিষ্ট কৰাৰ লগতে ঘৰত নিৰ্মিত মচলা যুক্ত সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হ’ব l বিশেষকৈ বৰপেটাৰ খাটি দৈ, ক্ৰীম, মিঠাই, লাচি, বেকাৰী সামগ্ৰী, কেক, পিঠা, লাৰু, চাহ, কফি, মচলা জাতীয় খাদ্য সামগ্ৰী, আচাৰ, জুচ, মম’ ইত্যাদি অনেক সু-স্বাদ্যু ঘৰতে বনোৱা খাদ্য সামগ্ৰী উপলব্ধ জলপানৰ বিপনীখন আনুষ্ঠানিক মুকলি অনুষ্ঠানটিত উপস্থিত থাকে বিপনী খনৰ স্বত্বাধিকাৰী ছাহেবা ৰহমান, সৃজনী গোটৰ সম্পাদিকা নাজনিন হুছেইন, সাদৰ আত্মসহায়ক গোটৰ সভানেত্ৰী নাজলীন আহমেদ লগতে সম্পাদিকা নেহা বেগম আৰু বিত্ত সম্পাদিকা জাহানাৰা বেগম, বিশিষ্ট সমাজ সেৱিকা তথা লেখিকা জুমু কলিতাকে ধৰি ভালেমান উদ্যমী মহিলা।