মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
খ্ৰীষ্টানবস্তিস্থিত চেণ্ট্ৰেল ম’লত সোমবাৰে পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ।
‘আণ্ডাৰ ডগচ’ বাৰৰ পৰা সূত্ৰপাত হৈছে জুইৰ ।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।
নিশা ২.৩০ বজাত ‘আণ্ডাৰ ডগচ’ বাৰৰ ৰান্ধনি শালৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ।
অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান ।
অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।