গুৱাহাটীঃ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাত ৰাজ্যৰ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তাৰ পিছতে জুবিন গাৰ্গে ‘আমাৰ অসম’ কাকত যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহুদিনীয়া পৰিকল্পনা এটাৰ বাবেহে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব যোৱা বুলি স্পষ্ট কৰে৷ জুবিন গাৰ্গে সমালোচকসকলক একপ্ৰকাৰ কঠোৰ ভাৱে উত্তৰ দি থলুৱা বস্তুৰ ব্যৱসায়ৰ কথা দীৰ্ঘদিন ধৰি ভাবি থকা বুলি কয়৷ থলগিৰি, সীতাজখলা আদিৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰি আমাৰ সকলো আছে কিন্তু পৰিকল্পনা এটাৰ অভাৱ বুলি কৈ জুবিন গাৰ্গে পৰিকল্পনা কৰি থকা বুলি কয়৷ এই পৰিকল্পনা সফল হ’ব পাৰিলে বহু লৰা-ছোৱালীয়ে সফল আৰু উপাৰ্জন কৰিব পাৰিব বুলি কয়৷ এই ক্ষেত্ৰত সকলোৱে সহযোগ কৰিব লাগিব৷
জুবিনে কয় যে আমি যিধৰণে কাম কৰিম বুলি ভাবিছো সেইকাৰণে মুখ্যমন্ত্ৰীক লগ ধৰিছো৷ মই সৰ্বাদাক বানপানীৰ কথা সুধিছো৷ অসমৰ শিল্পী-কলা কুশীলৰ বাবে কিবা এটা কৰিব কৈছো৷ ক’ৰোনা, লক-ডাউনত বিধ্বস্ত অসমৰ ভৱিষ্যতৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি ল’ব কৈছো৷ আমাৰ সংস্কৃতিৰ লগতে বাণিজ্য আৰু অৰ্থনীতিৰ বিকাশ হ’ব লাগিব৷ নতুব বিকাশ হ’ব লাগিব৷ উত্তৰণ হ’ব লাগিব৷ অসম আৰু অসমীয়াৰ স্বাৰ্থত দিছপুৰেও আগবঢ়াব লাগিব সহায়ৰ হাত৷ সকলো কথাতে ৰাজনীতি নহয়৷ মাটি আৰু মানুহ ৰাজনীতিতকৈ ডাঙৰ৷ এই কথা সকলোৱে বুজি পাব লাগিব৷
জুবিনে আৰু কয় মই অসম আৰু অসমীয়া মানুহৰ বাবে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই মাতি মাতিছো৷ ‘কা’ আন্দোলনৰ সময়ত অসমীয়া মানুহৰ হৈ মুখ্যমন্ত্ৰীক গালি পাৰিছো৷ চিঠি লিখিছো৷ এতিয়া বিশেষ কাম এটাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছো৷ কোন মুখ্যমন্ত্ৰী ডাঙৰ কথা নহয়৷ কিন্তু অসমৰ কামত আহিব পৰা কাম এটাত আমি মুখ্যমন্ত্ৰীক লগ ধৰি কথাবোৰ ক’ব লাগিব৷ জুবিনে স্পষ্ট কৰি কয় যে প্ৰয়োজনত ‘কা’ আন্দোলন কৰিছো৷ প্ৰয়োজনত দিছপুৰৰ ওচৰ চাপিম৷ কিন্তু ‘কা’ মনা নাই৷ কেতিয়াও নামানো৷ কিন্তু ৰাস্তাৰ আন্দোলনৰ লগতে অৰ্থনৈতিক আন্দোলন লাগিব৷ ‘কা’ আমি নামানো, কোনো কাৰণত মানি নলও৷ ‘কা’ বাতিল হ’বই লাগিব৷ ‘কা’ বাতিল হোৱাটো অসমৰ মানুহৰ দাবী৷ এয়া অসমবিৰোধী, খিলঞ্জীয়া বিৰোধী, সংবিধানবিৰোধী খিলঞ্জীয়া বিৰোধী৷ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে বিদেশী বিদেশীয়েই৷ সকলো বিদেশী চিনাক্ত কৰি বহিস্কাৰ কৰিব লাগে৷
জুবিনে বানপানী আৰু বিদেশীৰ বিষয়ত ৰাজনীতি কৰিব নাপায় বুলি কয়৷ আনহাতে মুখ্যমন্ত্ৰীৰৰ ঘৰত ভাত খাবলৈ যোৱা নাছিলো বুলি কৈ জুবিনে কয় যে অসমৰ কামত আহিব পৰা প্ৰকল্প এটাৰ বাবে মুখ্যমন্ত্ৰীক তেখেতৰ কাৰ্যালয়ত (চৰকাৰী বাসভৱন) লগ ধৰিব গৈছিলো৷ মই তেখেতৰ ঘৰলৈ ভাত খাব যোৱা নাই৷ নিজৰ কামৰ কাৰণে যোৱা নাই বুলি স্পষ্ট কৰে জুবিন গাৰ্গে৷
অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালাক সাক্ষাৎ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকা দেখা গৈছিল৷ ‘কা’ আন্দোলনৰ সময়ত আন্দোলনৰ নেতৃত্ব লোৱা জুবিন গাৰ্গে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰিছিল৷
তীব্ৰ সমালোচনাত মুখৰ জুবিন গাৰ্গে হঠাতে পত্নীসহ মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰিছিল শনিবাৰে৷ শনিবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে দেওবাৰে৷ ফটো ভাইৰেল হৈ পৰাৰ পিছতে ‘কা’ আন্দোলনৰ সময়ত জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক কৰা সমালোচনা কৰাৰ বিষয়টো মনত পেলাই দি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ আত্মসমৰ্পণ কৰিলে নেকি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল একাংশ লোকে৷
দেওবাৰে পুৱাৰে পৰা মুখ্যমন্ত্ৰীৰ সৈতে জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া থকা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত একাংশই জুবিন গাৰ্গে সোণোৱালাক সাক্ষাৎ কৰা কাৰ্য যোগাত্মাক বুলি কৈছিল৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটোত একো ভুল হোৱা নাই বুলি কয়৷ মুখ্যমন্ত্ৰীজন ৰাজ্যৰ সকলোৰে মুৰব্বী বুলি কৈ অসুস্থ হৈ আৰোগ্য লাভ কৰা জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক কৰা সাক্ষাৎ এক সৌজন্যমূলক সাক্ষাৎ বুলিহে কয়৷ আনহাতে একাংশই মুখ্যমন্ত্ৰী সোণোৱালক মুখ্যমন্ত্ৰীৰ চকীত থকাটো বিচাৰো বুলি কোৱা কথাষাৰক সহজে লব পৰা নাই নাছিল যদিও জুবিন গাৰ্গে বিতৰ্কৰ অৱসান ঘটাবলৈ কাকত যোগে মনৰ কথা স্পষ্ট কৰে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট