গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বাৰে বাৰে ঘোষণা কৰি আৰু ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ পাছতো গুৱাহাটীৰ পৌৰ এলেকাত সংগ্ৰহ কৰা গেলা পচা, দূষিত আৱৰ্জনা সমুহ বিকেন্দ্ৰীকৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত পশ্চিম বৰাগাঁৱত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বেলৰতলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ চমুকৈ এন জি টিৰ নিৰ্দেশনা উলংঘা কৰি ২০২১ চনৰ আগষ্ট মাহত অবৈধভাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৱে দীপৰ বিলখনক তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। গুৱাহাটী পৌৰ নিগমৰ বিৰূদ্ধে এই অভিযোগ উত্থাপন কৰিছে দীপৰ বিল সুৰক্ষা মঞ্চই। মঞ্চৰ সভাপতি হেনৰি ডেভিদ টেৰণ , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে এক বিবৃতিৰ জৰিয়তে কয় যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই দীপৰ বিলৰ ৰেলৰ আলিত ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিছিল ডাম্পিং গ্রাউণ্ড। এই ডাম্পিং গ্রাউণ্ড সম্পূর্ণ নীতি বহির্ভূত আৰু বেআইনী আছিল। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আদালতৰ ৰায় অনুসৰি ‘ছ’লিড ৱাষ্ট মেনেজমেন্ট ৰুল ২০১৬’ আৰু ‘ৱেটলেও কনজাৰভেচন এণ্ড মেনেজমেন্ট ৰুল ২০১৭’ৰ নীতি-নিৰ্দেশনা অনুসৰি দীপৰ বিলৰ সংৰক্ষণ কৰাটো বাধ্যতামূলক। সেই অনুসৰিয়েই গুৱাহাটী পৌৰ নিগমেও ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আদালতত শপতনামা দাখিল কৰে। গুৱাহাটী পৌৰ নিগমৰ শপতনামা অনুসৰি মহানগৰীৰ পৰিসৰৰ অভ্যন্তৰত বিভিন্ন স্থানত মহানগৰীৰ জাবৰ-জোঁথৰৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰিব। কিন্তু পৰিতাপৰ কথা এই যে যোৱা ২৪ মে’ত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তগৰাকীৰ আহ্বান মৰ্মে দীপৰ বিল সুৰক্ষা মঞ্চৰ সঁজাতী দলৰ পৰিদৰ্শন কালত জাবৰৰ বিকেন্দ্ৰীকৰণৰ কোনো ব্যৱস্থা কৰা দেখা নাপালে। এই কথাই স্পষ্ট কৰি দিয়ে যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই দীপৰ বিল সংৰক্ষণ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নীতি-নির্দেশনা চূড়ান্তভাৱে উলংঘা কৰিছে।
উল্লেখ্য যে ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰিয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত জলাশয় সংৰক্ষণৰ উদ্দেশ্যে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কমিটী গঠন কৰিছিল। কিন্তু এই সকলোবোৰ এক নাটক যেন অনুমান হৈছে বুলি অভিযোগ কৰে দীপৰ বিল সুৰক্ষা মঞ্চই। মঞ্চৰ বিষয়ববীয়াসকলে কয় যে দীপৰ বিলৰ বিশাল এই আৰ্দ্ৰভূমি চৰকাৰে তথাকথিত উন্নয়নৰ দোহাই দি আৰু দুমুখীয়া নীতিৰে বিলখনক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে। ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণৰ আদালতত Rohit Chowdhury vs Union of India; OA No.19/2014/EZ with IA. No.71 / 2020 / EZ মোকদমা-ৰ চূড়ান্ত ৰায় অনুসৰি Solid Waste Management Rules 2016 আৰু Wetland (Conservation and Management) Rules 2017 ब নীতি নিৰ্দেশনা অনুসৰি দীপৰ বিলৰ সংৰক্ষণ কৰাটো বাধ্যমুলক । লগতে, মাহামান্য ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণত গুৱাহাটী পৌৰ নিগমে দাখিল কৰা শতনামা অনুসৰি মহানগৰীৰ পৰিসৰৰ অভ্যন্তৰত বিভিন্ন স্থানত জাবৰৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ এলেকাত ২.৯৫ বিঘা ভুমি, ছয়মাইলৰ পূৰবী ডেইৰী ২.০ বিঘা, আদাবাৰী বাছ আস্থান এলেকাত ৫ বিঘা, মঠঘৰীয়া এলেকাত ২.৯ বিঘা ওদালবাকাৰাত ২ কঠা । কিন্তু ইয়াৰ বিপৰীতে কেৱল দীপৰ বিলৰ সমীপৰ বেলৰতলতহে ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা সকলো আৱৰ্জনা কেন্দ্রীভুত কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই শপতনামাত উল্লেখ কৰা অনুসৰি মহানগৰীৰ পৰিসৰৰ অভ্যন্তৰত বিভিন্ন স্থানত জাবৰৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাৰ কথা উল্লেখহে কৰিছে। বাস্তৱত একো এটা কৰা নাই। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে, এন জি টিৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মনা নাই। ইয়াৰ আগতে ২০২০ চনৰ ১১ ফেব্ৰৱাৰীত এন জি টিত দাখিল কৰা শপতনামাৰ পাছত আদালতে “intergraded Solid Waste Management facilities (SWFM) ৰ বাবে গুৱাহাটীৰ ভিতৰত চাৰিটা স্থানত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষক সৰ্বমুঠ ১২৫ বিঘা ৪ কঠা মাটি আবণ্টন দিছিল । কিন্তু ইয়াৰ পাছতো পৌৰ নিগমে আজিলৈকে কোনোধৰনৰ ব্যবস্থা গ্ৰহণ নকৰিলে বুলি দীপৰ বিল সুৰক্ষা মঞ্চই আক্ষেপ প্ৰকাশ কৰিছে । যাৰ বাবে দিনক দিনে দীপৰ বিলখন ভয়াবহভাবে প্ৰদূষিত হৈ মৃত্যুৰ দুৱাৰদলিত উপস্থিত হৈছে।