নিউজ ডেস্কঃ তিনি বছৰ পূৰ্বে আমচাঙত হোৱা হৃদয়-বিদাৰক উচ্ছেদৰ সময়ত বন বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে জনশিমলু গাঁৱৰ ১১৪টা পৰিয়াল উচ্ছেদিত হ’বলগীয়া হৈছিল। আমচাং অভয়াৰণ্য বেদখলমুক্ত কৰিবলৈ গৈ তদানীন্তন বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে খিলঞ্জীয়া লোকৰ ওপৰত বুলড’জাৰ আৰু প্ৰশাসনৰ হাতুৰীৰ কোবেৰে থানবান কৰিছিল বিভিন্নজনৰ সপোনৰ ঘৰখন। অকল ঘৰেই নহয়, চৰকাৰী বিদ্যালয়ো উচ্ছেদ কৰিছিল বিভাগে। আমচাঙত বেদখল কৰি কাৰখানা গঢ়া চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাহস নোহোৱা চৰকাৰে উচ্ছেদ কৰিছিল নিমাখিত লোকসকলক। উক্ত উচ্ছেদ যে ন্যায়সংগত নাছিল সেয়া বিধানসভাত ওলাই পৰিছিল। তদুপৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ আদালতে দিয়া ৰায়তে স্পষ্ট হৈছে যে জনশিমলু ননকে গাঁও আমচাং সংৰক্ষিত অভয়াৰণ্যৰ আওতাত নপৰে।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা ডব্লিউ পি (চি)য২৯৩৮য২০১৮ নম্বৰৰ গোচৰৰ ৰায় দি শীঘ্ৰেই জনশিমলুৰ ১১৪টা ভুক্তভোগী পৰিয়ালক বিদ্যুৎ যোগান ধৰিবলৈ এপিডিচিএলক নিৰ্দেশ দিয়াৰ লগতে ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত কয় যে জনশিমলু ননকে গাঁও আমচাং সংৰক্ষিত বনাঞ্চলৰ নহয়, দিছপুৰ ৰাজহ চক্ৰৰ এখন ৰাজহ গাঁওহে। তেনে অৱস্থাত দীৰ্ঘদিন ধৰি চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা কাৰ্য বন্ধ কৰি শীঘ্ৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে আজিৰ ৰায়ৰ পিছতে পাঞ্জাবাৰীৰ জনশিমলু ননকে গাঁও যে আমচাং অভয়াৰণ্যৰ অন্তৰ্গত নহয় সেয়া স্পষ্ট হয় আৰু বন বিভাগৰ চৰম গাফিলতি নিশ্চিত হয়। এনে অৱস্থাত নিমিষতে ধবংসস্তূপত পৰিণত কৰা জনশিমলুবাসীক ক্ষতিপূৰণ কোনে দিব তাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে ১১৪টা ভুক্তভোগী পৰিয়ালে। তদুপৰি বিগত তিনিটা বছৰে চৰকাৰী সা-সুবিধা তথা বিদ্যুতৰ অৱৰ্তমানত অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ দিশত যি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ কোনে দিব তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে গাঁওবাসীয়ে।