দেশৰ আন বিমানবন্দৰৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো যিকোনো দুৰ্যোগ বা আপদকালীন পৰিস্থিতিৰ উদ্ভৱ হলে যাতে তাক তৎকালে মোকাবিলা কৰি আক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাৰ বাবে বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL) কৰ্তৃপক্ষই বিশেষ তৎপৰতা অৱলম্বন কৰিছে। এই তৎপৰতাৰ অংশ হিচাপে আজি GIALৰ উদ্যোগত আৰু বিমানবন্দৰৰ কাষৰীয়া আজাৰা পাটগাঁওস্থিত প্রথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ প্ৰথম বেটেলিয়ানৰ সহযোগত কেমিকেল বায়লজিকেল এণ্ড নিউক্লিয়াৰ মেটেৰিয়েলছ চমুকৈ CRBN’ ৰ দুৰ্যোগ প্ৰশমন বিষয়ক এক যৌথ আখৰা অনুষ্ঠিত হয়।
যৌথ আখৰাত প্ৰথম NDRF বাহিনীৰ উপৰিও CISF, ৰাজ্যিক আৰক্ষী, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ ASDMAকে ধৰি বিমানবন্দৰত জৰুৰী কাৰ্যত নিয়োজিত কেবাটাও বিভাগৰ প্ৰায় ৫০ জনৰো অধিক বিষয়া – কৰ্মচাৰীয়ে ভাগ লয়। বন্তি প্ৰজ্বলনৰে যৌথ আখৰা কাৰ্যৰ শুভাৰম্ভ কৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যোগানী , বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰী, এন ডি এম এৰ জ্যেষ্ঠ পৰামৰ্শদাতা চিন্ময় নাথ, এ এছ ডি এম এৰ উপ মুখ্য কাৰ্যবাহী বিষয়াই।
আনহাতে যৌথ আখৰাত বিমানবন্দৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত ৰাসায়নিক বা তেনে ধৰণৰ জৰুৰী ঔদ্যোগিক দুৰ্ঘটনা সংঘটিত হলে আক্ৰান্ত বা ভুক্তভোগী লোকক তৎকালে, নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা, আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানকে ধৰি বিভিন্ন কৌশল সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰা আদি দিশত দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।