নিউজ ডেস্কঃ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু তথা হত্যাকাণ্ডৰ বাবে চিবিআইৰ তদন্ত দাবী তথা দোষীক উপযুক্ত শাস্তিৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ,মহিলা কংগ্ৰেছ, এনএছইউআই তথা প্ৰতিদিন গোষ্ঠীৰ কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উলুবাৰী উৰণীয়া সেঁতুৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে যদিও উলুবাৰী উৰণীয়া সেঁতুৰ তলৰ পৰাই প্ৰতিবাদকাৰীসকলক আটক কৰে।