ভূমি আৰু ৰাজহ সম্পৰ্কীয় অভিযোগসমূহ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে জনসাধাৰণৰ নিচেই কাষলৈ যাব বিচাৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। এতিয়াৰে পৰা প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজহ চক্ৰ বিশেষে ৰাজহ চক্ৰ বিষয়া, সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জনসাধাৰণৰ বিভিন্ন ভূমি আৰু ৰাজহ সম্পৰ্কীয় অভাৱ-অভিযোগসমূহ নিষ্পত্তি কৰাৰ প্ৰচেষ্টা চলাব উপায়ুক্ত পল্লৱ গোপাল ঝাই। অহা ১১ ফেব্ৰুৱাৰীত গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰে এই বিশেষ ‘লোক আদালত’ কাৰ্যসূচীৰ আৰম্ভ কৰা হ’ব। আনহাতে, পৰৱৰ্তী লোক আদালতখন অনুষ্ঠিত কৰা হ’ব অহা ২৬ ফেব্ৰুৱাৰীত।
ইতিমধ্যে তিনিওটা ৰাজহ চক্ৰ ক্ৰমে গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ বিষয়াৰ কাৰ্যালয়তে প্ৰথমখন লোক আদালতৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই তিনিও ৰাজহ চক্ৰৰ ৰাজহ আৰু ভূমি সম্পৰ্কীয় অভিযোগ থকা জনসাধাৰণে অহা শুকুৰবাৰে পুৱা ১০:৩০ বজাৰ পৰা আবেলি ১ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই লোক আদালতত অংশগ্ৰহণ কৰিব পাৰিব।