গুৱাহাটীঃ যান–বাহন কৰত সংঘটিত অনিয়মত অভিযুক্ত কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া (ডিটিঅ’) অৰুণ বৰাক নিলম্বিত কৰা হৈছে৷ ডি টি অ’ৰ উপৰি কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া কার্যালয়ৰ মুখ্য সহায়ক সীমান্ত নেওগ, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বর্মন আৰু গাণনিক সিদ্ধেশ্বৰ ৰংহাঙক একেটা অভিযোগত নিলম্বিত কৰা হৈছে৷ পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে পৰিবহণ বিষয়াৰ লগতে কর্মচাৰীকেইজনক নিলম্বন কৰা হয়৷ উল্লেখ্য যে যান–বাহন কৰ জমা কৰাৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে পৰিবহণ বিভাগে এক তদন্তৰ নির্দেশ দিয়ে৷
এই সন্দর্ভত এনআইচি কর্তৃপক্ষৰ সৈতে আজি এখন বৈঠক অনুষ্ঠিত কৰে পৰিবহণ বিভাগে৷ ভৱিষ্যতে যাতে এনেধৰণৰ অনিয়ম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্রযুক্তিগত বেমেজালি দূৰ কৰিবলৈ এনআইচিক নির্দেশ দিছে বিভাগটোৱে৷