নিউজ ডেস্কঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১৬, ১৭ আৰু ১৯ ডিচেম্বৰত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে ৷ উক্ত ড্ৰাই ডে’ খানাপাৰা উৰণীয়া সেঁতুৰ পৰা ক্ষেত্ৰীলৈ আৰু পানীখাইতী ৰে’লৱে ক্ৰছিঙৰ পৰা মৰিগাঁও জিলাৰ সীমালৈ আৰু কামৰূপ মহানগৰ জিলালৈ ড্ৰাই ডে অঞ্চল ঘোষণা কৰা হৈছে ৷
জিলা প্ৰশাসনৰ তৰফৰ পৰা দিয়া হোৱা বিবৃতিত এই সময়ছোৱাত উক্ত অঞ্চলত মাদকদ্ৰব্য গ্ৰহণ. বিতৰণ আৰু বিক্ৰী কৰাটো সম্পূর্ণ নিষিদ্ধ কৰা হৈছে ৷ এই নিৰ্দেশৰ উলংঘা কৰা সকলক আইন অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
উল্লেখ্য যে যোৱাকালি তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সমাপ্ত পৰিছিল ৷ ৩৬টা পৰিষদ সমষ্টিত কাইলৈ ১৭ ডিচেম্বৰত ভোটদান অনুষ্ঠিত হ’ব ৷ ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ৷