নিউজ ডেস্কঃ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পৰিষদৰ ৬টা সমষ্টিৰ ১০০টা ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিজাইডিং বিষয়া, প’লিং বিষয়াসকলে আজি বেলট বাকচকে ধৰি অন্যান্য নিৰ্বাচনী সামগ্ৰী লৈ নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়৷
কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা কেন্দ্ৰৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত নিয়োজিত জিলাখনৰ বিষয়া-কৰ্মচাৰীসকলক নিৰ্বাচনী সামগ্ৰী প্ৰদান কৰে৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত থাকি প্ৰিজাইডিং প’লিং বিষয়াসকলৰ মাজত নিৰ্বাচনী সামগ্ৰী বিতৰণৰ ব্যৱস্থাটো পৰ্যৱেক্ষণ কৰে৷
উল্লেখ্য, গুৱাহাটীৰ কালিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনে এই নিৰ্বাচনৰ ষ্ট্ৰং ৰূম স্থাপন কৰিছে৷ অহা ১৯ ডিচেম্বৰত ইয়াতেই ভোট গণনা অনুষ্ঠিত হ’ব৷