পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়ল দ-মিৰ্জাপুৰ গাঁওত এখন শ্মশানৰ আধাৰশিলা স্থাপন কৰা হয়। শ্মশানৰ ভূমিদাতা সীতাৰাম দাসৰ সভাপতিত্বত অলপতে অনুষ্ঠিত হোৱা আধাৰশিলা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে–“গড়ল গাঁওৰ বাবে এক উল্লেখনীয় দিন। বহুদিনীয়া সমস্যা এটা আজি সমাধান হোৱাৰ বাবে অত্যন্ত সুখী অনুভৱ কৰিছোঁ।” লগতে তেওঁ উপস্থিত ৰাইজক ১৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শ্মশানখনৰ কামখিনি নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা, ধাৰাপুৰ গাঁও পঞ্চায়তৰ সচিব ছফিক আলী মিৰ্জা, ধাৰাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শৈলেন কলিতা, গড়ল তালুকৰ সভাপতি অখিল বৈশ্য, পঞ্চায়তৰ অভিযন্তা নব লহকৰ আৰু ধীৰাজ দাসকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি।