কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ডিটিঅ’ পদত গৌতম দাসে দায়িত্বভাৰ গ্ৰহণ কৰি বুধবাৰে এখন সুৰক্ষা সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সজাগতা কাৰ্যসূচীত তেওঁ বহুতো নিয়ম ঘোষণা কৰে ৷ তাৰ ভিতৰত এটা উল্লেখযোগ্য নিয়ম হ’ল গুৱাহাটীত চলাচল কৰা যাত্ৰীবাহী চিটিবাছ সমুহে মিউজিক ছিষ্টেম বন্ধ কৰিব লাগিব ৷ উল্লেখ্য, পৰিবহণ বিষয়াগৰাকীয়ে সুৰক্ষা সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ আগতে কেইবাখনো মহানগৰীৰ চিটিবাছত অভিযান চলায় ৷ অভিয়ানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ জানিব দিয়ে যে মহানগৰীত চলাচল কৰা যাত্ৰীবাহী চিটিবাছত মিউজিক ছিষ্টেম নিষিদ্ধ কৰা হ’ব ৷ নীতি নিয়ম ভংগ কৰিলে উলংঘাকাৰী চিটিবাছৰ বিৰুদ্ধে বিভাগটোৱে কঠোৰ শাস্তি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে তেওঁ ৷